Skip to main content

অর্থনৈতিক ভূগোল – বিষয়বস্তু আৰু সম্পদ | প্ৰথম অধ্যায় (ভূগোল) । দশম শ্ৰেণী ।সমাজ বিজ্ঞান ।

 

। দশম শ্ৰেণী ।

অর্থনৈতিক ভূগোল 

প্ৰথম অধ্যায়  

বিষয়বস্তু আৰু সম্পদ   


১। অর্থনৈতিক ভূগোল কাক বোলেইয়াৰ মূল বিষয়বস্তু কি অর্থনৈতিক ভূগোলৰ প্রধান  শাখাবোৰ উল্লেখ কৰা 

 উত্তৰ- মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয়  পৃথিৱীৰ বুকুত থকা বায়ুপানীসূর্যৰ ৰশ্মিমাটিগছ- গছনিফল-মূলখনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ 
x

উত্তৰ- ভূগোল বিষয়টো প্রধানকৈ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত । অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তর্গত এটা অন্যতম প্রধান শাখা  ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদনবিতৰণউপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপ সমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়তাকে অর্থনৈতিক ভূগোল বোলে 

          ভূ-প্রকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পার্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূ-পৃষ্ঠৰ প্রাকৃতিক পৰবিৱেশ বেলেগ বেলেগ হয়। উদাহৰণ স্বব্ধপে ভূ- পৃষ্ঠৰ কোনো ঠাই পার্বত্য উচ্চভূমিআন কোনো ঠাই সাৰৱা সমভূমিসাগৰ-মহাসাগৰীয় উপকূল ভূমিকোনো ঠাই আকৌ জলবায়বীয়ভাবে অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ তদুপৰি কিছুমান অঞ্চল অৰণ্যেবে ভৰা বা আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ দৰে  প্রাকৃতিক দুর্যোগেৰে দুর্দশাগ্রস্ত । লগতে গছ-গছনিপানীখনিজ সম্পদ আদিৰ দৰে প্রাকৃতিক সম্পদৰো প্রাচুর্যবিতৰণ আৰু গুণাগুণৰ ক্ষেত্রতো যথেষ্ট পার্থক্য দেখা যায়  সাৰুৱা সমভূমি অঞ্চল কৃষিউপকূলীয় অঞ্চল মাছ ধৰা কার্য আৰু যাতায়াত- ব্যৱসায়খনিজ সম্পদত চহকী অঞ্চল উদ্যোগআনহাতে ঘাঁহনিৰ প্রাচুর্য থকা অঞ্চল পশু-পালনৰ ক্ষেত্রত বিশেষভাবে আগবঢ়া হয়। প্রাকৃতিক পবিবেশৰ এনে পার্থক্যৰ ফলত মানুহ আৰু পৰিবেশৰ সম্পর্কও পৃথিৱীৰ সকলো ঠাইত একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিবেশো বেলেগ বেলেগ হয় ǀ

          দৰাচলতে ভূ-পৃষ্ঠত বিৰাজ কৰা প্রাকৃতিক আৰু মানবসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন প্রণালী আৰু অর্থনৈতিক কার্যকলাপো সকলো ঠাইতে বেলেগ বেলেগ হয় । এনে পার্থক্যৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষি কার্যত উন্নত হয়আন এখন ঠাই ব্যৱসায়-বাণিজ্যঔদ্যোগিক বা মৎস্য উৎপাদন কার্যত চহকী হয়  এনে কাৰণতে পৃথিৱীৰ সকলাবোৰ ঠায়েই ইখনে-সিখনৰ ওপৰত নির্ভৰ কৰি এক সম্পর্ক ৰক্ষা কৰি চলি থাকে । অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনেধৰণৰ সকলাবোৰ কথাই আলোচনা কৰা হয় ǀ

 

অর্থনৈতিক ভূগোলৰ প্রধান  শাখাবোৰ হৈছে-

১) কৃষি ভূগোল                           ২) ঔদ্যোগিক ভূগোল

৩) সম্পদ ভূগোল                        ৪) পৰিবহন ভূগোল

৫) বজাৰ ভূগোল                          ৬) পৰিকল্পনা আৰু উন্নয়ন ভূগোল

৭) পৰ্যটন ভূগোল

 

২। অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা 

 উত্তৰ- অর্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয় । ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত-

(১) অর্থনৈতিক কার্যটো ক'ত অৱস্থিত ? (অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্হান, পৰিবেশ, পৰিস্হিতি বোৰৰ সম্পৰ্কে  বিশদ আলোচনা ইয়াত অন্তৰ্ভুক্ত হৈ থাকে)

(২) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰৰ কি কি ? (আৰ্থিক কাম কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰ  অন্তৰ্ভুক্ত হৈ থাকে )

(৩) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? (ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰক )

(৪) অর্থনৈতিক কার্যটো য’ত আছে তাতে কিয় হৈছে ? (অনুকূল আৰু প্ৰতিকূল ভৌগোলিক পৰিবেশৰ কাৰক বিলাকৰ বিৱৰণ)

(৫) অর্থনৈতিক কার্যটো যত আছে তাৰ পৰিবর্তে আন এঠাইত হলে বেছি ভাল

হলহেঁতেন নেকি ?( সুবিধাজনক স্হান আৰু পৰিবেশ সম্পৰ্কীয় বিষয়সমূহ )

 

৩। মানুহব অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি ?

 উত্তৰ- মানুহৰ সকলো ধৰণৰ অৰ্থনৈতিক কামকাজ আৰু সেইবোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত জীৱিকা আহৰণৰ সম্বলসমূহক একেলগে অৰ্থনৈতিক বৃত্তি বুলিব পাৰি ǀমানুহৰ প্ৰধান অর্থনৈতিক বৃত্তিবোৰ হৈছে-

 

(১) প্রাথমিক বৃত্তি :- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে ধৰা কার্যবনজ সম্পদ আহৰণখনিজ সম্পদ আহৰণ ইত্যাদি।

(২) দ্বিতীয়ক বৃত্তি :- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জবিয়তে মানুহৰ ব্যবহাৰপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বালে । যেনে- শিল্পোৎপাদন প্রক্রিয়াবিভিন্ন কৃষি কার্যমাছ নির্মাণ তথাপুনৰ নির্মাণ কার্য ইত্যাদি। (৩)তৃতীয়ক বৃত্তি :- যি কার্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলেযেনে-যাতায়াতপৰিবহণবজাৰ, পাইকাৰী বা খুচুৰা বিক্রীপর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ

(৪) চতুর্থক বৃত্তি :-যিবোৰ কার্য ই  দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে- বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যমপ্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ 

 

৪। অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা 

 উত্তৰ-অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তুবোৰ হৈছে-

 (১) কৃষি ভূগোল

          অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা । ইয়াত কৃষি কার্যব লগত জড়িত কাৰকসমূহকৃষিৰ প্রকাৰকৃষি কার্যৰ বিতৰণ আৰু পদ্ধতিশস্যব উৎপাদন ইয়াৰ লগত জড়িত সূত্রকৃষি সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন  কৰা হয়।

(২) ঔদ্যোগিক ভূগোল

          ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰ্যসমূহউদোগৰ প্রকাৰ আৰু ভৌগোলিক বিতৰণঔদ্যোগিক সামগ্রীৰ উৎপাদনউদ্যোগ অৱস্হানৰ লগত লগত জড়িত সূত্রঔদ্যোগিক সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় 

 (৩) সম্পদ ভুগোল

          ইয়াত সম্পদৰ প্রকাৰআঞ্চলিক বিতৰণসম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহসম্পদ আৰু উন্নয়নৰ সম্পর্কসম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

 (৪) পৰিবহণ ভূগোল

          ইয়াত পৰিবহণ ব্যৱস্থাৰ প্রকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহসম্পদ বিতৰণত পৰিবহণৰ ভূমিকামানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে -ঔদ্যোগিক উন্নয়নকৃষি ক্ষেত্রৰ উন্নয়নত পবিবহণ ব্যবস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয় 

 (৫) বজাৰ ভূগোল

          ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহবজৰৰ প্রকাৰ আৰু  বিতৰণ আৰু ইয়াব লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয় 

(৬) পৰিকল্পনা আৰু উন্নয়ন ভূগোল

          ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহপৰিকল্পনা ব্যবস্থাবহনক্ষম উন্নয়নঅঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয় 

 (৭) পর্যটন ভূগোল

          ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহপর্যটনৰ প্রকাৰপর্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয় ǀ

 

 সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয় ?

 উত্তৰ- সম্পদ ভূগোল অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা ǀসম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ বাখ্যা সম্ভৱ নহয় ǀসম্পদৰ প্রকাৰঅঞ্চলভেদে সম্পদৰ বিতৰণসম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহসম্পদ আৰু উন্নয়নৰ সম্পর্কসম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়  অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদ ক এৰাই চলিব নোৱাৰি ǀ কেৱল সেইয়াই নহয়, দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে ǀ

 

 সম্পদ বুলিলে কি বুজায় ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা 

সম্পদৰ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়-

ক) কাৰ্যকাৰিতা- মানুহে বস্তু বা সামগ্ৰীটোক যেতিয়া নিজৰ, আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পাৰে তেতিয়া তাৰ কাৰ্যকাৰিতা গুণটো প্ৰকাশ পায় ǀ

খ) উপকাৰিতা- সম্পদ হবলৈ হলে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব লাগিব ǀ 

গ) পৰিবৰ্তশীলতা- সম্পদৰ সদায় পৰিবৰ্তন হৈ থাকে ǀ নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী     (যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে)  আৰু প্ৰতিৰোধক  (অপকাৰী সামগ্ৰী বা পৰিঘটনা) সমূহো মানুহৰ চিন্তা চৰ্চা, কৌশল,কাৰিকৰী জ্ঞান,দক্ষতা আৰু প্ৰযুক্তিৰ সহায়ত সম্পদ হিচাপে মান্যতা পায় ǀ

 

 ‘সম্পদ পৰিবর্তনশীল’ - ব্যাখ্যা কৰা ǀ

উত্তৰ- সম্পদ পৰিবর্তনশীল । আজি কোনো এটা সামগ্রী মানুহৰ দ্বাৰা  ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিয্যতে সেই একেটা সামগ্রীয়েই মানৱ কল্যাণৰ বাবে ব্যৱহৃত হ'ব পাৰে । এনে সামগ্রীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়  উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যবহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্রীহে আছিল । আনহাতে, যিবোৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্রতিৰোধক বোলা হয । উদাহৰণস্বৰূপে অনুৰ্বৰ মাটিবানপানী জর্জৰিত অঞ্চল আদি একো একোটা প্রতিৰোধক । এইখিনিতে উল্লেখযোগ্য যে পশ্চিমবংগত সঘনে বানপানী সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নির্মাণ কবি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্রতিৰোধক হিচাপে গণ্য কৰা হৈছিল । গতিকে মানুহৰ জ্ঞানৰ প্রসাৰ আৰু বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্রতিৰোধক সামগ্রী মানুহৰ সু-প্রচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে । সম্পদৰ এনে পৰিবর্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ  গতিত অপকাৰী বা নিষ্ক্ৰীয় সামগ্রীলৈ ৰূপান্তৰিত হব পাৰে । অর্থাৎ সামাজিক পৰিবর্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিবর্তন ঘটে 

 

 সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।

 উত্তৰ- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হৈছে-সম্পদ ǀ পৃথিৱীৰ বুকুত থকা বায়ুপানীসূর্যৰ ৰশ্মিমাটিগছ- গছনিফল-মূলখনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে ǀসম্পদৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহকে ধৰে অন্য বহুতো চাহিদা পূৰণ হৈছে আৰু লগতে ই জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নৰ সহায়ক হিচাপেও পৰিগণিত হৈছে ǀ কেৱল ব্যক্তিগত পৰ্যায়তে নহয় ,সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু সামাগ্ৰিকভাৱে মানৱ জীৱনৰ আৰ্থ সামাজিক দিশৰো উত্তৰণ ঘটিছে ǀ

 

৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্কৰ বিষয়ে চমুকৈ লিখা 

 উত্তৰ- সম্পদ আৰু মানুহৰ মাজত ওতঃপোত সম্পৰ্ক আছে ǀ মানুহে সম্পদক গঢ় দিয়ে ǀ সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ কল্যাণৰ লগত জড়িত হৈ আছে ǀমানুহে হ’ল সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা  ǀমানুহৰ প্ৰয়োজনীয় বেছিভাগ সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয় ǀ মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে ǀ প্ৰকৃতিকভাৱে সম্পদবোৰৰ উপৰিও মানুহে নিজে সম্পদৰ সৃষ্টি কৰিছে ,যিবোৰক আমি মানৱসৃষ্ট সম্পদ বুলি কওঁ ǀযেনে- ৰাস্তা-ঘাট, অট্টালিকা, দলং,উদ্যোগ কাৰখানা,স্কুল-কলেজ,যান বাহন  ইত্যাদি ǀ

 

১০। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা 

 উত্তৰ- বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে প্ৰকৃতিত উপলব্ধ বস্তু বা সামগ্ৰী সমূহক সম্পদলৈ ৰূপান্তিৰত কৰে আৰু যাৰ ফলত সেইবোৰৰ দ্বাৰা মানুহৰ উপকাৰ সাধন হয় ǀঅৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে সম্পদে পূৰ্ণতা পাই ǀ

          আকৌ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰাকৃতিক সম্পদসমূহ ন ন ৰূপ প্ৰদান কৰি আহিছে ǀ উদাহৰণস্বৰুপে-বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নান ৰং,নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, চাবোন, মম, ৰৱৰ; গছ গছনিৰ পৰা খাদ্য,ঔষধ,কাঠ,গৃহ আদি সামগ্ৰী আহৰণ কৰা হয় ǀঅৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তি বিদ্যাৰ লগতে মানুহ জ্ঞান, কৌশল আৰু দক্ষতাও অন্যতম দৰকাৰী উপাদান ǀ

          বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে ভৱিষ্যতে সম্পদৰ ক্ষেত্ৰত আহিব পৰা আহুকালৰ বিষয়ে আগতীয়া তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে যাৰ ফলত সম্পদ সংৰক্ষণৰ দৰে পদ্ধতিসমূহে আজিৰ দিনত গুৰুত্ব লাভ কৰিছে ǀ

 

১১। উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা 

উত্তৰ-

 

ক) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভগাব পাৰি –

১) প্ৰাকৃতিক সম্পদ- যিবোৰ সম্পদ ( যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস,গছ-গছনি,জীৱ-জন্তু,খনিজ পদাৰ্থ, নদ-নদী আদি) প্ৰাকৃতিক ভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি  থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে ǀ

২)মানৱ সৃষ্ট সম্পদ - মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে ǀ যেনে- ৰাস্তা-ঘাট, অট্টালিকা, দলং ইত্যাদি ǀ

৩)মানৱ সম্পদ- প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতাশিক্ষাপ্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয় ǀ এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় ǀ যেনে- কৃষক, ডাক্তৰ ,শ্ৰমিক,শিক্ষক ইত্যাদি ǀ

 

খ) প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি -

১)জীৱীয় সম্পদ - প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ ǀউদ্ভিদপ্রাণীমাছশস্য আদি জীৱীয় সম্পদ 

২)অজীৱীয় সম্পদ - যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকেসেইবোৰক অজীৱীয় সম্পদ বোলে মাটিশিলভূমিনদ-নদী পানীবায়ুখনিজ পদার্থকয়লা আদি অজীৱীয় সম্পদ

গ) উপলব্ধতা  আৰু স্হায়িত্বৰ ওপৰত ভিত্তি কৰি  সম্পদসমূহক দুটা ভাগত ভগাব পাৰি -

১) নবীকৰণযোগ্য সম্পদ- পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰিতেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মিবায়ুপানী, গছ-গছনিজীৱ-জন্তুমানুহশস্য আদি নবীকৰণযোগ্য সম্পদ।

২) অনবীকৰণযোগ্য সম্পদ- যিবোৰ সম্পদ ব্যবহাৰৰ পিছত নৱীকবণ বা পুনঃসৃষ্টি কবিব নোৱাৰি আৰ একেবাৰে নিঃশেষ হৈ যায়তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা বোলে ǀ উদাহৰণস্বৰূপে- (কয়লাখনিজ তেলখনিজ পদার্থ (যেনে তামসোণচূণশিললো আদি)প্রাকৃতিক গেছ আদি অনবীকৰণযাগ্য সম্পদ 

 

ঘ) পৃথিবীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত তিনিটা ভাগত বিভক্ত কৰিব পাৰি -

১) ব্যক্তিগত সম্পদ -মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমিসা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি  যেনে- ভাল চৰিত্রশিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় 

২) জাতীয় সম্পদ- এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমিনদ-নদীদলংঅভয়াৰণ্যঅৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তুশিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থাচৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়  উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ ǀ

৩) আন্তৰ্জাতিক সম্পদ- দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আকু জীৱ-জন্তু, বায়ুমণ্ডলঅৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ বোলে ǀ আন্তর্জাতিক সংস্থা ৰাষ্ট্রসংঘই ইয়াৰ নির্ধাৰিত নীতি-নিয়ম অনুসৰি বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ পবিচালনা কৰে যেনে- চীনৰ সুদৈৰ্ঘ্য প্ৰাচীৰ ,ফ্ৰান্সৰ আইফেল টাৱাৰ ইত্যাদি ǀ

 

১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায়উদাহৰণসহ চমুকৈ লিখা 

 উত্তৰ- যিবোৰ সম্পদ ( যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস,গছ-গছনি,জীৱ-জন্তু,খনিজ পদাৰ্থ, নদ-নদী আদি) প্ৰাকৃতিক ভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি  থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে ǀ

          প্ৰাকৃতিক সম্পদসমূহ গোটা,জুলীয়া ,গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্হাত পোৱা যায় ǀ এনে প্ৰকৃতিক সম্পদৰ বেছি সংখ্যকেই কল কাৰখানা,উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয় ǀ তদুপৰি কয়লা,খনিজ তেল,প্ৰাকৃতিক গেছ, আদিৰ দৰে  প্ৰকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো ǀ

 

১৩। মানৱ-সৃষ্ট সম্পদ কি উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা 

 উত্তৰ- মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে ǀ মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে,ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয় ǀ যেনে- ৰাস্তা-ঘাট, অট্টালিকা, দলং,উদ্যোগ কাৰখানা, স্কুল-কলেজ, যান বাহন  ইত্যাদি ǀ মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰো বাট মুকলি হৈছে ǀউদাহৰণস্বৰূপেবাঁহৰপৰা কাগজকপাহৰপৰা কাপোৰখনিজ তেলৰপৰা নানান ধৰণৰ ৰংনেপথাকৃত্রিম কাপোৰৰাসায়নিক সাৰ, কীটনাশক দ্রব্যচাবোনপ্লাষ্টিককৃত্রিম ৰৱৰমম আদিগছ-গছনিৰপৰা নানান ধৰণৰ খাদ্য,ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি ǀ মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে  সামগ্রীবোৰকে মানৱ সৃষ্ট সম্পদ বোলা হয়।

 

১৪। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পার্থক্য কি কিউদাহবণসহ চমুকৈ আলোচনা কৰা।

 উত্তৰ- পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰিতেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মিবায়ুপানী, গছ-গছনিজীৱ-জন্তুমানুহশস্য আদি নবীকৰণযোগ্য সম্পদ।

          যিবোৰ সম্পদ ব্যবহাৰৰ পিছত নৱীকবণ বা পুনঃসৃষ্টি কবিব নোৱাৰি আৰ একেবাৰে নিঃশেষ হৈ যায়তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা বোলে ǀ উদাহৰণস্বৰূপে- (কয়লাখনিজ তেলখনিজ পদার্থ (যেনে তামসোণচূণশিললো আদি)প্রাকৃতিক গেছ আদি অনবীকৰণযাগ্য সম্পদ 

 

১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্রয়োজনীয়তা কি?

 উত্তৰ- কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে ǀ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ ǀ উদাহৰণস্বৰূপে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় ǀ

          যদিও সম্পদ সংৰক্ষণ অনবীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িতআচলতে সংৰক্ষণৰ ধাৰণাবোৰ সকলোধৰণৰ সম্পদৰ বাবেই সমানে প্রযোজ্য। উল্লেখযোগ্য যে অৰণ্য (নবীকবণযোগ্য সম্পদ)ধ্বংসৰ ফলত জীৱ-জস্তুৰ আৱাসভূমি তথা জৈৱ-বৈচিত্র্য হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্র বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে বাঘহাতীগঁড়ভালুকডলফিন, সিংহ আনিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে। তদুপৰি অসমৰ কেইবাবিধো মূল্যবান উদ্ভিদ যেনে সর্পগন্ধাছালকুববীকালমেঘঅর্জুনঅগক, চিৰতাজাইফলশতমূলশুকলতি আদি প্রায় নোহোৱা হব ধৰিছে। বিলুপ্ত হ'ব ধৰা প্রাণীৰ ক্ষেত্রত সোমালী বান্দৰহলৌ বান্দৰবনৰীয়া মহনল-গাহৰিশিহুদেওহাঁহ, ধনেশপক্ষীবৰটোকোলা আদি বিশেষভাৱে উল্লেখযোগ্য। লগতে শক্তিব উৎস হিচাপে ব্যৱহৃত খনিজ তেলকয়লা আদি আৰু কৃষি কার্যত ব্যৱহৃত ৰাসায়নিক সাৰকীটনাশক ৰাসায়নিক দ্রব্য আদিৰ ব্যরহাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্রাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্রমান্বয়ে নিঃশেষ হৈ যোৱাব উপৰি বায়ুপানী আৰু মাটিৰ প্রদুষণ ঘটি এক ভয়াৱহ পাৰেৱেশিক সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমাৰ উন্নয়ন প্রক্রিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যবহাৰৰ লগতে প্রয়োজনীয় সংৰক্ষণব্যবস্থা হাতত লব লাগিব। উদাহৰণস্বব্ধপেমাটি সংবক্ষণৰ ক্ষেত্রত আমি কৃষিকার্যৰ বাবে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ইয়াৰ উর্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকো।

 

১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।

 উত্তৰ- সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হল-

(ক) বিকল্প সম্পদৰ সন্ধান :- কোনো এটা বহুলভাবে ব্যবহৃত সম্পদৰ উৎপাদনচলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাবনা উদ্ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে  উদাহবণস্বকপে কপাহী সূতাৰ পৰিবর্তে কৃত্রিম আঁহপ্রাকৃতিক ৰৱৰৰ সলনি কৃত্রিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ  অনবীকৰণযোগ্য সম্পদ যেনে- কয়লাখনিজ তেলপ্রাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্রাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তিবতাহ শক্তি, জৈৱ শক্তি আদি নবীকৰণযোগ্য সম্পদৰ ব্যবহাৰ বৃদ্ধি কৰিব লাগে 

 

(খ) পুনৰাৱর্তন ও সীমিত :সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে ǀ উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল,কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয় ǀ

 

 (গ) অভিযোজন বা নবপ্রচলন :অধ্যয়ন আৰু গৱেষণাৰ জবিয়তে প্রকৃতৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নবপ্রচলন প্রক্রিয়াৰ প্রয়োগ কৰিব লাগে । ৰাসায়নিক সাৰৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ'বপৰা ঋণাত্মক প্রভাৱ ৰোধ কবিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে 

 

(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ হ্রাস : কেঁচা সামগ্রীৰপৰা প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰ পুনৰাৱর্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কবিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হব পাৰে । দাহৰণস্বৰূপে, গছ কাটি কাঠৰ সামগ্রী তৈয়াৰ কৰোতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্রস্তুত কৰিব পৰা আন লঘু বা কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্রাস হব । কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্রীলৈ পৰিবর্তন কৰাৰ ব্যবস্থাপনা থাকিলে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব 

 

(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ :- সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ অতি প্রয়োজন । সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা কৰাতো দৰকাৰী 

 

 (চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কার্যকৰীকৰণ :- সম্পদৰ সংবক্ষণ কার্যকৰীকৰণৰ বাবে  সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ন হব লাগে ǀ

ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন :সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে ǀ ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি ǀ

 

(জ) সম্পদ সমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ :সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ ǀ ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদঘাটনতো সহায়ক হব ǀ

 

১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবাবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰ-  সমগ্র বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিবেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হবলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য বাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিরেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংবক্ষণৰ ব্যবস্থা গ্রহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃবাষ্ট্রীয়বাষ্ট্রীয়আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্রত বাষ্ট্রসংঘৰ অন্তর্গত International Union for Conservation of Nature চমুকৈ (IUCN) বিশেষভাৱে উল্লেখযোগ্য। ১৯৪৮ চনতে UNESCO অর্থাৎ বাষ্ট্রসংঘৰ শৈক্ষিকবৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱ বিজ্ঞানী) প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল । এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে- সমগ্র বিশ্বৰ প্রাকৃতিক পৰিবেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়নগৱেষণা আৰু প্রযোজনীয় ব্যৱস্থা গ্রহণ কৰা। IUCNৰ নেতৃত্বতে WWF for Nature (World Wide Fund for Nature) আৰু (World Conservation Monitoring Centre) স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্রেণী তথা সামগ্রিকভাৱে প্রাকৃতিক পৰিবেশৰ সংৰক্ষণৰ বাবে আন্তঃবাষ্ট্রীয় আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে। ভাৰতবর্ষত এনে কার্যৰ বাবে কচৰকাৰীভাবে পৰিবেশবন আৰু জলবায়ু পৰিৱর্তন নামেৰে এটি মন্ত্রণালয় (Ministry of Environment, Forests and Climate Change) গঠন কৰা হৈছে । এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুবক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে । এই মন্ত্রণালয়ৰ অন্তর্গত স্বতন্ত্রভাবে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Education) গঠন কৰা হৈছে ǀ

          ইয়াৰ উপৰিও বেচৰকাৰী ভাৱে বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰ (Centre for Science and Environment), গ্ৰীণপীচইণ্ডিয়া (Greenpeace India), ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wild Life Trust of India) আদিৰ দৰে অনুষ্ঠান সমূহে পৰিবেশ সুৰক্ষাৰ বাবে কাম কৰি আছে ǀআমাৰ অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যক আদি বেচৰকাৰী অনুষ্ঠানে পৰিবেশ কুৰক্ষা আু জৈৱ বৈচিত্ৰ্যসংৰক্ষণৰ বাবে  কামকাজ কৰি আহিছে ǀ

 

১৮ চমুটোকা লিখা

(ক) সম্পদ

          মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয়  পৃথিৱীৰ বুকুত থকা বায়ুপানীসূর্যৰ ৰশ্মিমাটিগছ- গছনিফল-মূলখনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ  সম্পদৰ কাৰ্যকাৰিতা,উপকাৰিতা আৰু পৰিবৰ্তনশীলতা-এই তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায় ǀ

 

(খ) মানৱ সম্পদ

          প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতাশিক্ষাপ্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয় ǀ এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় ǀ যেনে- কৃষক, ডাক্তৰ ,শ্ৰমিক,শিক্ষক ইত্যাদি ǀ

 

(গ) সম্পত্তি

          যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ǀ সম্পত্তিৰ যোগান তুলনামূলক ভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আনএজনলৈ হস্তান্তৰ কৰিব পাৰি ǀ যেনে- ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়হে এইবোৰ সম্পত্তি ǀ সকলো সম্পত্তিয়েই সম্পদ ǀ

 

(ঘ) নবীকৰণযোগ্য সম্পদ

          পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰিতেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মিবায়ুপানী, গছ-গছনিজীৱ-জন্তুমানুহশস্য আদি নবীকৰণযোগ্য সম্পদ।

 

(ঙ) ব্যক্তিগত সম্পদ

          মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমিসা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে- ভাল চৰিত্রশিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় 

 

(চ) জাতীয় সম্পদ

          এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমিনদ-নদীদলংঅভয়াৰণ্যঅৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তুশিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থাচৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়  উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ ǀ

 

(ছ) জীৱীয় সম্পদ

          প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ ǀ উদ্ভিদপ্রাণীমাছশস্য আদি জীৱীয় সম্পদ 

 

(জ) সম্পদ সংৰক্ষণ

          কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে ǀ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ ǀ উদাহৰণস্বৰূপে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় ǀ

 

(ঝ) সম্পদৰ পুনৰাৱর্তন

          সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে ǀ উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ,প্লাষ্টিক বটল,কাগজ,লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয় ǀ

 

১৯। পার্থক্য লিখা

(ক) সম্পদ আৰু সম্পত্তি

          মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয়  পৃথিৱীৰ বুকুত থকা বায়ুপানীসূর্যৰ ৰশ্মিমাটিগছ- গছনিফল-মূলখনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ 

 

          যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ǀ সম্পত্তিৰ যোগান তুলনামূলক ভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আনএজনলৈ হস্তান্তৰ কৰিব পাৰি ǀ যেনে- ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়হে এইবোৰ সম্পত্তি ǀ সকলো সম্পত্তিয়েই সম্পদ ǀ

 

(খ) অর্থনৈতিক ভূগোল আকু সম্পদ ভূগোল

          অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তর্গত এটা অন্যতম প্রধান শাখা  ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদনবিতৰণউপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপ সমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়তাকে অর্থনৈতিক ভূগোল বোলে 

 

          সম্পদ ভূগোল হৈছে অর্থনৈতিক ভূগোলৰ এটা শাখা ǀ ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ,সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্হাপনা আদি অধ্যয়ন কৰা হয় ǀ

 

 

(ঘ) জীৱীয় আৰু অজীবীয় সম্পদ

          প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ ǀউদ্ভিদপ্রাণীমাছশস্য আদি জীৱীয় সম্পদ 

          যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকেসেইবোৰক অজীৱীয় সম্পদ বোলে মাটিশিলভূমিনদ-নদী পানীবায়ুখনিজ পদার্থকয়লা আদি অজীৱীয় সম্পদ 

 

 (৬) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ

          পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰিতেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মিবায়ুপানী, গছ-গছনিজীৱ-জন্তুমানুহশস্য আদি নবীকৰণযোগ্য সম্পদ।

          যিবোৰ সম্পদ ব্যবহাৰৰ পিছত নৱীকবণ বা পুনঃসৃষ্টি কবিব নোৱাৰি আৰ একেবাৰে নিঃশেষ হৈ যায়তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা বোলে ǀ উদাহৰণস্বৰূপে- (কয়লাখনিজ তেলখনিজ পদার্থ (যেনে তামসোণচূণশিললো আদি)প্রাকৃতিক গেছ আদি অনবীকৰণযাগ্য সম্পদ 

 

(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

          পৃথিবীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত আৰু জাতীয় সম্পদ হিচাপে শ্রেণী বিভক্ত কৰিব পাৰি । মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমিসা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্রশিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় 

          এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমিনদ-নদীদলংঅভয়াৰণ্যঅৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তুশিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থাচৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়  উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ ǀ

 

(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী

          জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয়  পৃথিৱীৰ বুকুত থকা বায়ুপানীসূর্যৰ ৰশ্মিমাটিগছ- গছনিফল-মূলখনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ 

          আজি কোনো এটা সামগ্রী মানুহৰ দ্বাৰা  ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিয্যতে সেই একেটা সামগ্রীয়েই মানৱ কল্যাণৰ বাবে ব্যৱহৃত হ'ব পাৰে । এনে সামগ্রীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়  উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্রীহে আছিল 

 

(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ

          মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে ǀ মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে,ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয় ǀ যেনে- ৰাস্তা-ঘাট, অট্টালিকা, দলং,উদ্যোগ কাৰখানা, স্কুল-কলেজ, যান বাহন  ইত্যাদি ǀ মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰো বাট মুকলি হৈছে ǀ

          প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতাশিক্ষাপ্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয় ǀ এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় ǀ যেনে- কৃষক, ডাক্তৰ ,শ্ৰমিক,শিক্ষক ইত্যাদি ǀ

 

(জ) সম্পদৰ পুনৰাৱর্তন আৰু অভিযোজন

         সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে ǀ উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ,প্লাষ্টিক বটল,কাগজ,লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয় ǀ

         

          অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা  আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্হালৈ  ৰূপান্তৰিত কৰিবলৈ অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব লাগে ǀ উদাহৰণস্বৰূপে –ৰাসায়নিক সাৰ,কীটনাশক দ্ৰব্য আদি প্ৰয়োগৰ দ্বাৰা মাটিত হব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে ǀ

 

২০। শুদ্ধ উত্তৰটো বাছি উলিওৱা

 

(ক) তলৰ কোনটো মানব-সৃষ্ট সম্পদ?

(১) নদ-নদী             (২) খনিজ তেল

(৩) জলসিঞ্চন নলা   (৪) অৰণ্য

উত্তৰ-(৩) জলসিঞ্চন নলা


খ) তলৰ কোনটো অজীৱীয় সম্পদ?

          (১) বায়ু                   (২) গছ-গছনি

          (৩) জীৱ-জস্তু          (৪) ভেঁকুৰ

উত্তৰ- (১) বায়ু


(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?

          (১) বায়ু                   (২) পানী

          (৩) শস্য                 (৪) কয়লা

উত্তৰ- (৪) কয়লা


(ঘ) তলব কোনটো বিলুপ্তপ্রায় প্রাণী ?

          (১) এশিঙিয়া গড়      (২) নল গাহৰি

          (৩) জিৰাফ              (৪) মিথুন

উত্তৰ- (২) নল গাহৰি


(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তর্গত ?

          (১) UNESCO        (২) UNO

          (৩) WWF             (8) UNEP

উত্তৰ- (১) UNESCO


Comments

Popular posts from this blog

StudyMate Classroom Class X Assamese Medium Questions & Answers

English Class 10: A Guide for Class 10 Assamese Medium Students (SEBA Curriculum)

JavaScript Basics: A Guide for Beginners