জোনলৈ যাওঁ ব'লা II Chapter 12 II Class 1 II Assamese II Assamese medium question answers

 

পাঠ-১২
জোনলৈ যাওঁ ব'লা

১) কিহেৰে কিহেৰে যাব পাৰি লিখোঁ আহা।

জোনলৈ ― ৰকেটেৰে।

বজাৰলৈ― ঘোৰা গাড়ীৰে।

নদীৰ সিটো পাৰলৈ ― নাওঁৰে।

মোমাই ঘৰলৈ ― বাছেৰে।

মেলালৈ ― গৰু গাড়ীৰে।

২) শেষৰ আখৰৰ মিল থকা শব্দ কওঁ আৰু লিখোঁ আহা।

কল ― বল―নল―ধল।

বন― ধন―মন―কন।

ঘৰ―বৰ―মৰ―ধৰ।

মাহ―দাহ―বাহ―কাহ।

ৰং―খং―বং―নকং।

হাত―বাত―মাত―কাত।

৩) লিখোঁ আহা।

(ক) বল

এইটো বল। 

এইটো মোৰ বল।

মোৰ বলটো ৰঙা।

মই বল খেলি ভাল পাওঁ।

(খ) কল

এইবোৰ কল।

এইবোৰ মোৰ কল।

মোৰ কলবোৰ হালধীয়া।

মই কল খাই ভাল পাওঁ।

(গ) ফুল

এইটো ফুল।

এইটো মোৰ ফুল।

মোৰ ফুলটো গোলপীয়া।

মই ফুল ভাল পাওঁ।

(ঘ) কলম

এইটো কলম।

এইটো মোৰ কলম।

মোৰ কলমৰ ৰং নীলা।

মই কলমে লেখি ভাল পাওঁ।

(ঙ) ঘৰ

এইটো ঘৰ।

এইটো মোৰ ঘৰ।

মোৰ ঘৰটোৰ ৰং ৰঙা।

মই ঘৰটো বহুত ভাল পাওঁ।

(চ) গছ

এইডাল গছ।

এইডাল মোৰ গছ।

মোৰ গছৰ ৰং সেউজীয়া।

মই গছ ভাল পাওঁ।

 

 

৪) খালী ঠাই পূৰ কৰা।

⚫ মই জোনবাইৰ দেশলৈ   যাম   ।

⚫ আমি জোনবাইৰ দেশলৈ   যাম  ।

⚫  তুমি জোনবাইৰ দেশলৈ যাবা    ।

⚫ তোমালোক জোনবাইৰ দেশলৈ যাবা  ।

⚫ তেওঁ জোনবাইৰ দেশলৈ  যাব   ।

⚫ তেওঁলোক জোনবাইৰ দেশলৈ যাব  ।

⚫  মিলি জোনবাইৰ দেশলৈ যাম  ।

 

৫) শুদ্ধ শব্দটোত ✔ চিন দিওঁ আহা।

(ক) সাৰ গৰু                (খ) বচৰ 

        ষাঁড় গৰু✔                  বছৰ✔

 

(গ) সাধু✔                (ঘ) ফুল✔

      সাধূ                           ফূল

 

৬) ৰূপ সলাই লিখা।

উত্তৰঃ ৰূপ সলাই লিখা তোমালোকে নিজে কৰিবা।

 

Comments

Popular posts from this blog

The Importance of Lifelong Learning

STUDY MATE ONLINE CLASSROOMS

STUDY MATE OFFLINE CLASSROOM